*নটসূৰ্য্যৰ জীৱনালেখ্য*
আজি ৩১ জুলাই । ফণী শৰ্মা দিৱস। শিল্পী গৰাকীৰ স্মৃতিচাৰণ বা শিল্পীগৰাকীক লৈ যিমান আলোচনা পৰ্য্যালোচনা আদি হ'ব লাগিছিল সিমান হোৱা একেবাৰে দেখা নাযায়। হয়টো এই দ িৱসটোৰ সৈতে নৃত্য গীতৰ সুযোগ কম বাবেও এনে হ'ব পাৰে। এতিয়াটো কৰ'না ! হাত ভৰি বন্ধা, মুখো বন্ধা ! গতিকে তিনিটা খণ্ডত শিল্পী গৰাকীৰ বিষয়ে কিছু ব্যতিক্ৰমী চিন্তাৰে লেখা এটি প্ৰস্তুত কৰিছো। পঢ়ি জনাবচোন। *নটসূৰ্য্যৰ জীৱনালেখ ্য* 🙏 ১ম খণ্ড 🙏 তেওঁৰ নাট ্যাভিনয় যদিও দেখা নাই , মই জানো নটসূৰ্য্য তেওঁৰ এক প্ৰাপ ্য ভূষণ। মঞ্চতে হওক কিম্বা অনাতাঁৰ, বোলছবি য'তেই নহওক কিয়, অভিনয় দিপ্তীৰে দিপ্তসূৰ্য্য তেওঁ চানেকি 'চিৰাজ' অথবা 'পিয়লি ফুকন'। এৰা, ফণী শৰ্মা ! ভাবিলে আচৰিত লাগে যে আজিৰ পৰা বহু বছৰ আগেয়ে বাট পথ নথকা দিনত তেওঁ নাটক কৰি ঘুৰি ফুৰিছিল অসমৰ বিভিন্ন নগৰ, চহৰ, গাওঁ আদি । বিশখনকৈ বোলছবিৰ অভিনেতা আছিল তেওঁ । তেওঁ অভিনয় কৰা ছখনকৈ বোলছবিয়ে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পাইছিল । ১৯৩১ চনত নাট ্যসম্ৰাত ব্ৰজ শৰ্মাৰে লগ লাগি ডুমডুমা নাট ্যমন্দিৰত প্ৰথম সহ অভিনয়ৰ বাট মুকলি কৰিছিল। আজি ফণীশৰ্মাৰ পঞ্চাশ সংখ ্যক ...