*নটসূৰ্য্যৰ জীৱনালেখ‍্য*

আজি ৩১ জুলাই । ফণী শৰ্মা দিৱস।
শিল্পী গৰাকীৰ স্মৃতিচাৰণ বা শিল্পীগৰাকীক লৈ যিমান আলোচনা পৰ্য্যালোচনা আদি হ'ব লাগিছিল সিমান হোৱা একেবাৰে দেখা নাযায়। হয়টো এই দিৱসটোৰ সৈতে নৃত্য গীতৰ সুযোগ কম বাবেও এনে হ'ব পাৰে। এতিয়াটো কৰ'না ! হাত ভৰি বন্ধা, মুখো বন্ধা ! গতিকে তিনিটা খণ্ডত শিল্পী গৰাকীৰ বিষয়ে কিছু ব্যতিক্ৰমী চিন্তাৰে লেখা এটি প্ৰস্তুত কৰিছো। পঢ়ি জনাবচোন।


*নটসূৰ্য্যৰ জীৱনালেখ্য*

🙏১ম খণ্ড🙏

তেওঁৰ নাট্যাভিনয় যদিও দেখা নাই , মই জানো নটসূৰ্য্য তেওঁৰ এক প্ৰাপ্য ভূষণ। মঞ্চতে হওক কিম্বা অনাতাঁৰ, বোলছবি য'তেই নহওক কিয়,
অভিনয় দিপ্তীৰে দিপ্তসূৰ্য্য তেওঁ চানেকি 'চিৰাজ' অথবা 'পিয়লি ফুকন'।
এৰা, ফণী শৰ্মা ! ভাবিলে আচৰিত লাগে যে আজিৰ পৰা বহু বছৰ আগেয়ে বাট পথ নথকা দিনত তেওঁ নাটক কৰি ঘুৰি ফুৰিছিল অসমৰ বিভিন্ন নগৰ, চহৰ, গাওঁ আদি । বিশখনকৈ বোলছবিৰ অভিনেতা আছিল তেওঁ । তেওঁ অভিনয় কৰা ছখনকৈ বোলছবিয়ে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পাইছিল । ১৯৩১ চনত নাট্যসম্ৰাত ব্ৰজ শৰ্মাৰে লগ লাগি ডুমডুমা নাট্যমন্দিৰত প্ৰথম সহ অভিনয়ৰ বাট মুকলি কৰিছিল। আজি ফণীশৰ্মাৰ পঞ্চাশ সংখ্যক মৃত্যু তিথি। তেওঁলৈ শ্ৰদ্ধা জনাব খুজিছোঁ তেখেতৰ স্মৃতিচাৰণৰে। ফণী শৰ্মাৰ জন্ম হৈছিল তেজপুৰ কলিবাৰীৰ এটি সম্ভ্ৰান্ত পৰিয়ালত। পিতৃ মোলান শৰ্মা আছিল তেজপুৰ কৰ্টৰ পেচকাৰ আৰু বাণ থিয়েটাৰ পাৰ্টীৰ অৰ্কেষ্ট্ৰাদলৰ বাঁহি বাদক। সেয়ে বাণ থিয়েটাৰৰে আছিল তেওঁৰ নিবিড় সম্পৰ্ক। মাত্ৰ ন বছৰ বয়সতে তেওঁ বাণ থিয়েটাৰৰ মহিলাচাঙৰ গেটকিপাৰ আৰু টিকটচেকাৰ আছিল। পাছলৈ হাজাৰৰ ওপৰত নাটক কৰা ফণী শৰ্মাই এদিন নিজৰ অভিনয় জীৱনৰ কথা স্মৰণ কৰি কৈছিল " জীৱনত এনে পাঁচটা বছৰ পাৰ হৈ গৈছে যিবছৰ কেইটাত বিভিন্ন ভূমিকাত এহেজাৰ নিশাৰ ওপৰত অভিনয় কৰিছোঁ । দুকুৰি বছৰে এই মুখত কমেও এমোনমান ৰং লগাইছোঁ। কমেও এগেলেন স্পিৰিট গাম সানিছোঁ শৰীৰত। কমেও এক ফাৰ্লং দীঘল কেফেয়াৰ হেয়াৰ আৰিছোঁ। মই নিজেই আজি এইবোৰ হিচাপ কৰিবলৈ গৈ অতিশয় আচৰিত হৈছোঁ।"
এৰা ! সম্ৰাট হ'লে সিংহাসনত বহি বান্দি ছিৰাজী, স্বৰ্গদেও হ'লে লিগিৰি ফটিকা, বাদচাহ হ'লে চাকি মদিৰা, অসুৰাধিপতি হ'লে মহুৱা, দেৱৰাজ হ'লে সোমৰস এনে চৰিত্ৰত তেওঁ কিমানযে অভিনয় কৰিলে তাৰ লেখ আজি কোনে দিয়ে ? জ্যোতি প্ৰসাদ আগৰৱালাৰ জয়মতী চিনেমাৰ অভিনেতাৰ সাক্ষাৎকাৰৰ সময়ত তেওঁলগত লৈ আহিছিল অসমৰ বিভিন্ন মঞ্চত অভিনয় কৰি পোৱা ১০ টাকৈ সোণৰ মেডেল আৰু ২০টা ৰূপৰ মেডেল। যিদিনা তেওঁলৈ চিনেমাৰ বাবে আমন্ত্ৰণ আহিল সেইদিনা তেওঁ আছিল ডুমডুমাৰ থিয়েটাৰ পাৰ্টীত। ডুমডুমাত খবৰটোৱে হুলস্থুলৰ সৃষ্টি কৰিলে। থিয়েটাৰ পাৰ্টীয়ে এনিশাৰ উপাৰ্জনৰ সমূদায় ধন দি তেওঁক উষ্ম বিদায় দিলে আৰু এদিন যেতিয়া ১৯৩৫ চনৰ ২০মাৰ্চৰ দিনা গুৱাহাটী কুমাৰ ভাস্কৰ নাট্য মন্দিৰত জয়মতী প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ল তেতিয়া পোষ্টাৰ চোৱা মানুহৰ ভিৰ লাগিছিল। পাণ বজাৰৰ গোলাম ৰহমানৰ দোকানৰ বাৰাণ্ডাত পোষ্টাৰ চোৱা মানুহৰ শাৰীত থকা অসমকেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ফণী শৰ্মাৰ ফটো দেখিয়ে কৈছিল "এওঁ খুৱ নাম কৰবা পাৰবো, মই ফিল্মখন নাচা কৰিয়ে কবা পাৰো এওঁৰ পাৰ্ট খুব ভাল হৱা বুলি।"
ফণী শৰ্মা সঁচাকৈয়ে আছিল এজন অদ্ভূট প্ৰতিভাৰ অধিকাৰী । নিজকে অভিনয়ৰ ভূতে লম্ভা বুলি কৈছিল যদিও 'ৰংবিৰং' আৰু 'বনৰীয়া ফুল' তেওঁৰ এনে দুখন উচ্চ মানৰ লিখনি যে যাৰ বাবে তেওঁক সাহিত্যসূৰ্য্য বুলিও বহুতে কব খোজে । অনাতাঁৰ, গ্ৰামফোন, বোলছবি, ৰঙ্গমঞ্চ সকলোতে তেওঁৰ দপদপনি। শব্দৰ ব্যৱহাৰ, শৰীৰৰ ভাষা, চকুৰ অভিব্যক্তী, সংলাপ প্ৰক্ষেপণৰ চাতুৰ্য্যটা, কন্ঠস্বৰৰ উপযুক্ত প্ৰয়োগৰে তেওঁ নাট্য কৃষ্টিক জীপাল কৰি তুলিছিল । সেয়ে তেওঁৰ মৃত্যৰ বাতৰিত অসমৰ মানুহ আবেগিক হৈ পৰিছিল। আজিও অনগ্ৰসৰ বুলি কব পৰা ঠাইবোৰৰ পৰা তেতিয়াৰ দিনতে ৰয়িং, দিবং, মাজুলি, সৃজনগ্ৰাম আদিৰ পৰা তেওঁৰ মৃত্যুত শোকবাণী আহিছিল । উল্লেখযোগ্য যে ধুবুৰীৰ ভোলানাথ কলেজৰ শোকবাণী আছিল কলেজখনৰ প্ৰথম অসমীয়া ভাষাৰ ব্যৱহাৰ । তেওঁ ইমানেই জনপ্ৰীয় আছিল যে তেওঁৰ মৃত্যুৰ পাছত ৰাজ্যিক পৰিয়াল পৰিকল্পনা ব্যূৰই সৰু পৰিয়ালহে যে সুখী পৰিয়াল তাক বুজাবলৈ বিজ্ঞাপন প্ৰকাশ কৰিছিল এইবুলি যে " অজস্ৰ জনতাৰ কোলাহল আৰু সংগ্ৰামৰ মাজেদি মাথোন এজনহে নিৰ্ভিকভাৱে নটসূৰ্য্য হৈছিলে। মানুহৰ সৃষ্টি হ'লেই নহয়, নটসূৰ্য্যৰ দৰে গঢ়ি উঠিব লাগিব।" উল্লেখযোগ্য যে সত্তৰৰ দশকত অসমৰ দৰে অঞ্চলত ফণী শৰ্মাৰ দৰে অভিনয় শিল্পীৰ যশস্বা কিমান উচ্চস্তৰৰ আছিল সেয়া তলৰ বিজ্ঞাপনটোৱেই প্ৰমান কৰিব। তেতিয়াৰ শ্বিলংস্থিত অসম কৃষি তথ্য প্ৰচাৰ বিষয়াৰ দ্বাৰা প্ৰচাৰিত বিজ্ঞাপনটোত আছিল -
"এমুঠি চাউল মঞ্চস্থ কৰোতে জীৱন্ত ৰূপ দিয়া নটসূৰ্য্য ফণী শৰ্মা আজি আমাৰ মাজত নাই। আজি আমাৰ কোনেও নটসূৰ্য্যৰ সেই বিমল পোহৰ ৰাশি পাহৰিব পৰা নাই, পাহৰিব পৰা নাই এমুঠি চাউলৰ জীৱন্ত মূল্যৰাজী। অসমৰ পৰ্বত ভৈয়াম সকলোৰে বাবে এমুঠি চাউলেই হৈছে বঞ্চিত সম্পদ। উন্নত কৃষি পদ্ধতি অৱলম্বনৰে অধিক উৎপাদনক্ষম ধান, গোমধান, ঘেহুঁ আদি খেতি কৰক । দেখিব , অধিক উৎপাদনে আপোনৰ লগতে গোটেই দশৰে জেউতি বঢ়াইছে।" ফণী শৰ্মাৰ জনপ্ৰীয়তাক বুজিবলৈ এই দুটা বিজ্ঞাপনেই নিশ্চয় যথেষ্ট হ'ব । ফণী শৰ্মাৰ স্কুল কলেজৰ ডাঙৰ ডিগ্ৰী নাছিল। প্ৰথম বেঞ্চত বহা তথাকথিত ভাল ছাত্ৰও নাছিল। কিন্তু যি শিকিছিল মানুহ হব পৰাকৈ শিকিছিল।


🙏২য় খণ্ড🙏

তেওঁ মেট্ৰিক পাছ কৰা নাছিল যদিওঁ তেওঁ লিখা কিতাপ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব লগিছিল। নাট্যকাৰ হিচাপে তেওঁ সংলাপ ৰচনাত ইমানেই গুৰুত্ব দিছিল যে একো একোটা বাক্যৰ বাবে তেওঁ দিন কি ? মাহ কি? মাপ মাহ আওৰাই আওৰাই শব্দ নিৰ্বাচন কৰিছিল। 'চিৰাজ'ৰ এটা সংলাপৰ বাবে তেওঁ যোৰহাট পৰ্য্যন্ত গৈ অসমীয়া 'যোজনাৰ ৰজা' খ্যাত সাহিত্য ৰত্ন চন্দ্ৰধৰ বৰুৱাক লগ ধৰিছিল গৈ। চিৰাজৰ এটা চিনত ঘৰৰ বনকৰা সাবিত্ৰীয়ে কন্দৰ্পক ভাল পোৱাটো প্ৰকাশ কৰিব খুজিছে কন্দৰ্পৰ ফটোত ফুলৰ মালা এডাল দিয়াৰ জৰিয়তে। কিন্তু ঘৰৰ পুৰণা লগুৱা আঘোণাই জানে যে অভিজাত পৰিয়ালৰ মানুহে নিজৰ আভিজাত্যৰ বাবে সাবিত্ৰী ভাল ছোৱালী হ'লেও আদৰি নল'ব। ফলত সাবিত্ৰীৰ কি কৰুণ পৰিণতি হ'ব ! এই কথাটোকে বুজাবলৈ তেওঁ দুটামান চিন সৃষ্টি কৰি এসোপা সংলাপ দিব খোজা নাই। তাকে চন্দ্ৰধৰ বৰুৱাক বুজাওতে চন্দ্ৰধৰ বৰুৱাই ক'লে যে এই ধৰা "সাপহৈ খোতে বেজ হৈ জাৰে ...."ফণী শৰ্মা জপিয়াই উঠি ক'লে পাই গলো মোৰ ডাইলগ ! আঘোণাৰ মুখত ফুটি উঠিল সেই সংলাপ "
আঘোণা : কাক, কাক মালা পিন্ধালি সাবিত্ৰী ? সিহঁত ডাঙৰ মানুহ, ধনী মানুহ! সিহঁতে সাঁপ হৈ খোটে, বেজ হৈ জাৰে।! জুইত চগা পৰে, জুই নুনুমাই! চগাৰ পাখি পোৰে, চটফটাই ম'ৰে !
অকল চিৰাজেই নে ? কিয়, নাগপাশ, কলা বজাৰ, মায়ংৰ বেজ, ভোগজৰা, নৰকাসুৰ, এন ইঞ্চপেক্টৰ কলচ, এমুঠি চাউল, মিচৰকুমাৰী, চাহজাহান ক'তযে নাটৰ সৃষ্টি কৰিলে তেওঁ ! হাজোৰ নটী, সৌমাৰৰ ফিৰিঙতি, এম,এল,এ, আদি 'পালা', গ্ৰামফোন ৰেকৰ্ভ কি কৰা নাই তেওঁ ? তেওঁৰ অভিনয় আৰু পৰিচালনাত ১৯৫৫ চনত কৰা পিয়লী ফুকনে চাৰ্টিফিকেট অৱ মেৰিট সন্মান পাইছিল। তেওঁৰ বলিষ্ঠ অভিনয়ৰ বাবে ১৯৫৮ চনত অসমীয়া বোলছবি 'ৰঙা পুলিচে' ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথম অসমীয়া ছবি ৰূপে চিহ্নিত হৈছিল। যাৰ দুৰ্দান্ত অভিনয়ে শকুন্তলা বোলছবিক ১৯৬১ চনত ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথম আংশিক ৰঙিন ছবি ৰূপে সন্মানিত কৰিছে। যাৰ উচ্চখাপৰ অভিনয়ৰ বাবে মণিৰাম দেৱান, প্ৰতিধ্বনী, লটিঘটি আদি বোলছবিয়ে ৰাষ্ট্ৰপতিৰ ৰূপৰপদক আজুৰি আনিবলৈ সক্ষম হৈছিল। এনেবোৰ সফলতা আৰু অভিনয় প্ৰতিভাৰ বাবেই জ্যোতি প্ৰসাদ আগৰৱালাৰ সভাপতিত্বত বহা শিৱসাগৰৰ এখনি সাংস্কৃতিক সন্মিলনত ফণী শৰ্মাক 'নটসূৰ্য্য' উপাধিৰে ভূষিত কৰিছিলে। উপলৱদ্ধি কৰকচোন! ইমানবোৰ চিনেমা থিয়েটাৰ অনাতাঁৰ, গ্ৰামফোন ৰেকৰ্ড আদি কৰা এই মহাপ্ৰতিভাধৰ ব্যক্তিগৰাকীয়ে টকা ঘটাৰ চিন্তাৰে যদি অন্তত: কলকাতাটো থকি গ'ল হয় তেনে তেওঁ বহু অৰ্থ ঘটিব পাৰিলে হয়। কিন্তু তেওঁ কলকাতাত সুবিধা পায়ো অসমত বহু কাম কৰিবলগিয়া আছে বুলি গুছি আহিছিল। পইচা কাক নালাগে ? লাগে! ফণী শৰ্মাকো লাগে । কিন্তু সেইবুলি তেওঁ কৃষ্টিক পণ্যলৈ ৰূপান্তৰ কৰা নাছিল। এবাৰ ১৯৩০-৩১ চনৰ কথা। বিষ্ণু ৰাভাৰ ভিনিহিয়েক ধাবাৰাম মেছ বৰপেটাৰ চৰকাৰী হাস্পতালৰ চিকিৎসক। বিষ্ণু ৰাভা বৃটিছৰ পৰা আতঁৰি থাকি তাতে দুদিনমানৰ বাবে আছিল। তাতে পৰিচয় হ'ল মিলন সংঘৰ সৈতে। তেওঁলোকে তৰুণ ফুকন স্মৃতি ভৱন নিৰ্মাণৰ বাবে নাটক মঞ্চস্থ কৰি পুঁজি গঠনৰ চিন্তা কৰিলে। গতিকে বিষ্ণু ৰাভাৰ লগ লাগি ফণী শৰ্মাকো আনি নাটক মঞ্চস্থৰ সিদ্ধান্ত কৰিলে। মঞ্চ হ'ল ইন্দ্ৰপুৰি চিনেমা হল। ৰাভাই এজন বুঢ়া ফকিৰৰ ভাৱত এফাকি গীত আৰু বচনৰে মাত্ৰ এটা চিনত ওলায়ে দৰ্শকক মুহিত কৰিলে। ফণী শৰ্মাই অপূৰ্ব অভিনয় কৰিলে। সমিতিয়ে ভৱাত কৈ বহুত টকা সংগ্ৰহ হ'ল। এতিয়া কৰ্মকৰ্তাই দুয়োকে মাননী ৰূপে দিয়ে কি ? তেওঁলোকে দৰ্শকৰ পৰা সংগ্ৰহ হোৱা টিনৰ বাকচ ভৰ্তি পইচাৰ বাকচ এটা দুয়োৰে আগত দাঙি ধৰি ক'লে যে এয়া আপোনালোকৰ বাবেই সম্ভৱ হ'ল। গতিকে প্ৰাপ্য হিচাপে ইয়াৰ পৰা যি লাগে লওক । তেওঁলোক দুয়ো আচৰিত হ'ল আৰু 'তৰুণ ফুকন ভৱন' নিৰ্মাণ হওক বুলি তাৰ পৰা মাত্ৰ অহাযোৱাৰ খৰচ ৩০ টকা ৰাখি বাকি খিনি ঘুৰাই দিলে। তেনেকৈ ভূপেন হাজৰিকাই কাৰোবাৰ ঈৰ্ষাৰ বলি হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাকৰি এৰি আৰ্থিক সঙ্কটত ভোগাৰ সময়ত ফণী শৰ্মাই ধুমুহা নামৰ চিনেমা কৰিম বুলি ভূপেন হাজৰিকাক মিউজিকৰ কাম কৰিব লাগিব বুলি আগতিয়াকৈ পাঁচশ টকা দি সহায় আগবঢ়াইছিল। ঘটনাটো আছিল ১৯৫৫ চনত কিন্তু চিনেমা খন হৈছিল ১৯৫৭ চনত। এয়া আচলতে ভূপেন হাজৰিকালৈ আগবঢ়োৱা তেওঁৰ সহায়হে আছিল। উল্লেখযোগ্য যে ফণী শৰ্মাৰ আটাইবোৰ চিনেমাৰ সংগীত পৰিচালক আছিল ভূপেন হাজৰিকা। দুখ লাগে তেতিয়া যেতিয়া আলিয়ে গলিয়ে ভূপেন হাজৰিকাৰ দিৱস পতা সকলে ভূপেন হাজৰিকাৰ লগতে সকলোৰে নামবোৰ লওতে নাটকৰ মানুহ বুলি তেওঁৰ নামটো এবাৰলৈকো নলয় ! এইয়া হয়তো নজনাৰ দোষো হ'ব পাৰে, নাজানো। এতিয়াৰে পৰা আৰু তেনে নহওক তাকে কামনা কৰিলোঁ। সি যি কি নহওঁক এইখিনিতে ফণী শৰ্মাৰ বিষয়ে বংগৰ বিখ্যাত অভিনেতা উৎপল দত্তই মণিৰাম দেৱান বোলছবিত অভিনয় কৰি কি কৈছিল শুনক "মনিৰাম দেৱানত যদি মই হলৰইদ চাহাৱৰ ভূমিকাত কিবা কৰিব পাৰিছো সেয়া সম্পূৰ্ণ ফণী শৰ্মাৰ নিৰ্দেশনা আৰু পৰিচালনাৰ যহত। সমসাময়িক যি কোনো মঞ্চ শিল্পীতকৈ তেওঁ মহত্তৰ অভিনেতা। অসমৰ গাৱেঁ চহৰে তেওঁ যি ভালপোৱা আৰু প্ৰশংসা লভিলে কলকাতাৰ খুৱ কম শিল্পীৰ হে তেনে সৌভাগ্য ঘটিছে।"
ফণী শৰ্মাৰ জীৱনটো সঁচাকৈয়ে আছিল বৰ বিচিত্ৰ। ১৯২১ চনত তেজপুৰ চৰকাৰী এম,ই, স্কুলৰ বঁটা বিতৰণী সভাত লাচিত বৰফুকন নাটকৰ মূল চৰিত্ৰত অভিনয়ৰে অভিনয় জীৱন আৰম্ভ কৰি শেষ অভিনয় কৰিলে ২৭, ২৮ জুনত নগাওঁ কুৱৰিটোলৰ জ্যোতি সংঘত। নাটক আছিল 'চিৰাজ' । তেজপুৰত তেওঁৰ শেষ অভিনয় আছিলে মে' মাহৰ ২৩, ২৪ তাৰিখে মাজগাওঁ শঙ্কৰ মন্দিৰত। নাটক আছিল 'এমুঠি চাউল '। জীৱনৰ শেষচোৱাত অৰ্থাৎ ৫ জুলাই তাৰিখে তেওঁ আছিল ৰবীন্দ্ৰ ভৱনত নাটকৰ বিচাৰকৰ আসনত। হঠাৎ খুব টান পেটৰ বিষ হোৱাত তটাতয়াকৈ তেওঁক লৈ যোৱা হ'ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ আৰু তাতেই তেওঁ জীৱনৰ শেষ উশাহকণ ল'লে ১৯৭০ চনৰ ৩১ জুলাই তাৰিখে। এইদৰে ১৯১০ চনৰ ২৬ অক্টোবৰ তাৰিখে এটা ঘটনা বহুল জীৱনৰ আৰম্ভ হৈ সমাপ্ত হ'লগৈ মাত্ৰ ৬০ টা বছৰৰ অন্তত ১৯৭০ চনৰ ৩১ জুলাই তাৰিখে ! জীৱনৰ প্ৰথম সংগ্ৰামত বন্ধু যতীন বৰঠাকুৰৰ লগত চিঞাহিৰ কাৰবাৰ। তাৰ পাছত বিষ্ণু ৰাভাৰ সৈতে গুৱাহাটী খলিল বজাৰত চাউল, কণী আৰু ঘিওৰ কাৰবাৰ। তাৰ পাছত সৰভোগ, বৰপেটাত ফুটবল খেলিবলৈ গৈ ওস্তাদ ব্ৰজ শৰ্মাৰ কহিনুৰ অপেৰাত। ১৯৩১ চনৰ নবেম্বৰ মাহত ডুমডুমা নাট্যমন্দিৰত কমলাকান্ত ভট্টাচাৰ্য্যৰ নাট মৰাণ জীয়ৰীত প্ৰথম সহ অভিনয়। নাহৰকটিয়াৰ সদাগগৈৰ লগত যুটিয়া ভাবে ১৯৩৩ চনত আইডিয়েল ড্ৰামাটিক ক্লাৱ, নিজা উদ্যোগত আসাম ড্ৰামাটিক পাৰ্টী। গুৰু প্ৰসাদ বৰঠাকুৰৰে লগ লাগি ১৯৩৫ চনত আসাম ষ্টাৰ থিয়েটাৰ। মুঠতে উজনি নামনি উখল মাখল কৰি ফণী শৰ্মা সদা ব্যস্ত্য আছিল অভিনয় জগৎখনৰে।

🙏৩য় খণ্ড 🙏

অসমৰ প্ৰতি খন মঞ্চত ফণী শৰ্মা বুলিলে মানুহৰ লানি নিছিগা সোঁত বৈছিল। দৰ্শক আহে গৰুৰ গাড়ীৰে, আহে বাচ ৰিৰ্জাভ কৰি। এটা সময়ত হাজোৰ কৰুণাকান্ত মজুমদাৰৰে লগ লাগি খুলিলে পূৰ্বজ্যোতি থিয়েটাৰ দ'ল । তাৰ মাজতে ১৯৩৫ চনত অসমৰ প্ৰথম গ্ৰামফোন ৰেৰ্কড 'জয়মতী' আৰু 'শোণিতকুৱৰী'। ১৯৩৯ চনত 'ইন্দ্ৰমালতী'। ১৯৪০ চনত তেজপুৰৰ আমোলাপট্টীৰ সাধু গোস্বামীৰ জীয়ৰী মনোৰমা আইদেউৰে বিবাহ কৰাই সংসাৰী হ'ল। কিন্তু নামতহে সংসাৰী হ'ল কামত কিন্তু নাটক, থিয়েটাৰ, চিনেমা, গ্ৰামফোন, অনাতাঁৰ আদিক লৈ দিহিঙে দিপাঙে ঘুৰি ফুৰিলে। তাৰ মাজতে আকৌ ১৯৪৮ চনত কাঠৰ কাৰবাৰত ধৰি পাচনৈ ৰিৰ্জাভ ফৰেষ্টত কাঠৰ কূপলৈ ঈষাপুৰ ৰাইফল ফেক্টৰীলৈ কাঠৰ যোগান ধৰিছিল। এই বোৰৰ মাজতে জয়মতী, ইন্দ্ৰমালতী, চিৰাজ, সতী বেউলা, পিয়লী ফুকন, সৰাপাত, এৰাবাতৰ সুৰ, ধুমুহা, ৰঙাপুলিচ, প্ৰাগজ্যোতিকা, কেচাসোণ, পুৱতি নিশাৰ সপোন, আমাৰ ঘৰ, লাচিত বৰফুকন, শকুন্তলা, নৰকাসুৰ, ইটো সিটো বহুটো, মণিৰাম দেৱান, প্ৰতিধ্বনী, লটিঘটি কে ধৰি ২০ খন কৈ চিনেমা শিল্পৰ তাৰকা আছিল তেওঁ। তাৰ পাছতো আজি যদি বাণ ৰঙ্গমঞ্চত কালি হয়তো কুমাৰ ভাস্কৰ নাট্য মন্দিৰত। এদিন হয়তো দেখিব আঠোটাকৈ লৰা ছোৱালীৰ পিতৃৰ গৌৰবৰে তেওঁৰ সংসাৰ খনৰ মাজত । প্ৰকৃততে তেওঁৰ ন জন সন্তান আছিল যদিও বৰপুত্ৰ অকালতে ঢুকায় আৰু সৰু পুত্ৰৰ জন্ম হৈছিল তেওঁৰ মৃত্যুৰ পাছতহে ।একেষাৰতে কবলৈ গলে ফণী শৰ্মাৰ জীৱনটো এক বৰ্ণিল ঘটনাৰাজিৰে সমৃদ্ধ আছিল। দেউতাক মোলান শৰ্মা আছিল বাণ থিয়েটাৰৰ অভিনেতাৰ লগতে বাঁহী বাদকো। বৰদেউতাক নিত্যানন্দ শৰ্মাৰ পুত্ৰ ৰমেশ চন্দ্ৰ শৰ্মা আছিল বাণ থিয়েটাৰৰ কৃতি অভিনেতা আৰু পিয়লী ফুকনৰ হৰ নাথ ডাৰোগা ৰূপে খ্যাত অভিনয় শিল্পী। খুৰাক গোবিন্দ শৰ্মা তেতিয়াৰ দিনৰ MBBS ডাক্টৰ । তেওঁৰ ডাগ কটা মিক্সাৰ সেই সময়ৰ বিখ্যাত ঔষধ আছিল। তেওঁ ল'ন টেনিচৰো আছিল বেঙ্গল চেম্পিয়ন। আন এজন খুৰাক ৰমা কান্ত শৰ্মা আছিল বাণ থিয়েটাৰৰ এগৰাকী স্ত্ৰী চৰিত্ৰৰ অভিনেতা। তেওঁৰ আন এজন খুৰা ককাক আছিল ৰায় বাহাদুৰ বেঠাৰাম শৰ্মা। কলেজীয়া শিক্ষাৰ মুখ দেখা প্ৰথম তেজপুৰীয়া। তেৱেই ফণী শৰ্মাৰ ভিতৰৰ নাট্য প্ৰতিভাক জগাই তোলা অন্যতম এজন ব্যক্তি আছিল। ফণী শৰ্মাৰ মাতৃৰ নাম আছিল হোমেশ্বৰী দেৱী। তেওঁৰ দুগৰাকী বায়েক আৰু দুগৰাকী ভনিয়েকো আছিল। ভূৱনেশ্বৰী, মঞ্জুবালা, সৰলা আৰু মাইনু। ফণী শৰ্মাৰ মাক ঢুকুৱাৰ আগে আগে আটাইকেইগৰাকীৰে বিবাহ হৈ যায়। সেয়ে বোধকৰো ১৯২৯ চনত মাতৃ বিয়োগৰ লগে লগে তেওঁ অকলশৰীয়া অনুভৱ কৰি এটা যাযাবৰি জীৱন বাচি ল'লে। সামাজিক কথা বতৰাৰ পৰা উদাসিন হৈ বেপৰুৱা হৈ পৰিল। পিতাকে উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰি কাশী হিন্দু বিশ্ব বিদ্যালয়লৈ পুতেকক নি বেকাৰী শিক্ষাৰে শিক্ষিত কৰাব বিচাৰিছিল যদিও পিতাকক কাশীতে এৰি তেওঁ পলাই আহিছিল। এইদৰে পিতা পুত্ৰৰ সংঘাট বৃদ্ধি পাব ধৰাত ওচৰ চুবুৰীয়া সকলোৱে এইয়া মাতৃ ৰিষ্ট বুলি ক'বলৈ ধৰিলে। পুতেকৰ গতি গোত্ৰ ঠিক নেদেখি পিতাকেও নিসঙ্গ অনুভৱ কৰি চিৰুৱানী আৰু বুঢ়াচাপৰীত থকা গৰু মহৰ খুটি বিক্ৰী কৰি জীৱিত অৱস্থাতে বৈতৰণী পাৰ হোৱাকৈ শ্ৰাদ্ধ আদি পাতি পুত্ৰলৈ আশা এৰিছিল।
সি যি কি নহওক তেওঁৰ প্ৰতিখন নাটকতেই দৰ্শকৰ ভিৰ হোৱাত আৰু প্ৰতিখন বোলছবিয়েই লাভৰ মুখ দেখাত সাংবাদিকে তেওঁৰ অভিনয় পাৰদৰ্শিতাৰ ওপৰত প্ৰশ্ন কৰাত কৈছিল "যি দিনাই অসমৰ মানুহে মোৰ ছবি চাবলৈ টিকট নাকাটিব সেইদিনাই জানিম মোৰ ছবি পৰিচালনাৰ পদ্ধতি সলাব লাগিব।"
কেনে ধৰণৰ নাট আমাৰ প্ৰয়োজন বুলি সোধোতে তেওঁ কৈছিল " যি নাটকে যুগৰ লগত খোজ মিলাই দেশৰ সমস্যাক দৰ্শকৰ আগত ডাঙি ধৰিব পাৰে , জাতীক গঠন কৰাত যি নাটকে বৰঙণী যোগাব পাৰে, তেনে নাটকহে আমাৰ প্ৰয়োজন।
এৰা! যাৰ নাটকত পোহৰে কথা ক'ব লাগিব, সংগীত এক মুহূৰ্তও বিলম্ব নোহোৱাকৈ সময়ত বাজিব লাগিব। দিঘলীয়া সংলাপ কিন্তু খোজলৈকে গন্তি কৰিব লাগিব। চকুৱে কথা কোৱাৰ লগে লগে মুখত পোহৰ পৰিব লাগিব। চকুৱে বুজাব লাগিব কিমান দ'লৈকে চোৱা হৈছে ! কণ্ঠ আৰু শব্দ প্ৰক্ষেপণ এনে হ'ব লাগিব যে সন্মুখৰ দৰ্শকজন আৰু শেষৰ শাৰীৰ দৰ্শকজনে সংলাপ শুনিব পাব লাগিব। কেতিয়াবা তাকে ভাবো ফণী শৰ্মাই এটা জীৱনত ইমান বোৰ কাম কৰিছিল কেনেকৈ ? ন টাকৈ ল'ৰা ছোৱালীৰ পিতৃ, ২০ খনকৈ চিনেমাৰ নায়ক, হাজাৰৰো অধিক নাটক আৰু ক'ত যে কিমান পালা, গ্ৰামফোন, অনাতাঁৰ নাট আদি ! আমাৰ দৃহ বিশ্বাস ইয়াৰ গুৰিতে আছিল তেখেতৰ পৰিবাৰ। অতি নিৰ্জু, মৰমিয়াল আৰু সন্তুষ্টিৰে ভৰা এখনি মৰমসনা মুখেৰে তেখেত আছিল মনোৰমা আইদেউ। এগৰাকী সঁচা অৰ্থত পতীব্ৰতা নাৰী। যি গৰাকী নাৰীয়ে অকলেই সহি গৈছিল ন টাকৈ ল'ৰা ছোৱালীৰ জঞ্জাল। স্বামী শ্বুটিংত থাকোতে সহিব লগা হৈছে বৰপুত্ৰৰ মৃত্যু দুখ আৰু সৰু পুত্ৰৰ অসুখীয়া সমস্ত জঞ্জাল ! আটাইবোৰ ল'ৰা ছোৱালীৰ পিন্ধা উৰা পঢ়া শুনাৰ দায়িত্ব যদি মনোৰমা আইদেৱে নল'ৃলে হয় তেনে ফণী শৰ্মা নিশ্চয় নটসূৰ্য হ'বও নোৱাৰিলে হয়। আমাৰ বোধেৰে ফণী শৰ্মাৰ জীৱনৰ সাৰ্থকতাৰ আঁৰৰ ব্যক্তি গৰাকী নিশ্চিত ভাৱেই তেখেতৰ সহধৰ্মিণী মনোৰমা আইদেউ। জানিব পৰা মতে ফণী শৰ্মাৰ লেখা মেলা আদি কৰিবৰ বাবে এটা নিৰ্দিষ্ট কোঠা আছিল। কোঠাটোত যেতিয়া তেওঁ সোমাই বন্ধ কৰি লয়। লাহে লাহে ভাহি আহে হহাৰ শব্দ, মাজে মাজে কন্দাৰ শব্দ, কেতিয়াবা খোজ কঢ়াৰ শব্দ ! চাহ জলপান লৈ যেতিয়া মনোৰমা আইদেৱে দূৱাৰত টোকৰ দিয়ে তেতিয়া ঘামি জামি জুৰুলি জুপুৰি হৈ ওলাই আহে ছয় ফুট ওখ প্ৰকাণ্ড মানুহ জন। সেয়েহে ফণী শৰ্মাৰ স্মৃতি চাৰণত আমি মনোৰমা আইদেউ লৈকো যাচিছো আমাৰ শ্ৰদ্ধা। কিমান যে কষ্ট মানুহজনীয়ে সহি গৈ ফণী শৰ্মাক নটসূৰ্য ৰূপে আমালৈ উপহাৰ দিলে ! টকা পইচাৰ প্ৰতি উদাসীন মানুহজনৰ ঘৰেদি বৰষুণৰ পানী পৰিছিল। তাকে দেখি তেওঁৰ বন্ধু চন্দ্ৰধৰ গোস্বামীয়ে দেখুৱাই দিয়াত কৈছিল 'সাগৰে শয্যা পেটেছি শিষীৰে কিসেৰ ভয় ?' অভাৱ অনাটনৰ দুখৰ কথা তেওঁ কাকো কোৱা নাছিল কিন্তু তাক লিখি প্ৰকাশ কৰিছিল 'কিয়' নাটকৰ সংলাপৰ জৰিয়তে। তেওঁ কম ক্ষোভত লিখিছিলনে সেই সংলাপ ? এনে বহু কথা আছে যিবোৰ আজিও চৰ্চা হ'বলৈ বহু বাকী আছে। পাছে কোনে কৰে এই চৰ্চা ? বছৰত আহে দিৱস। পাৰ হয় স্মৃতিচাৰণত । তাৰ পাছত সকলো এবছৰলৈ শেষ ! সেয়েহে পৰি আছে তেওঁৰ সমাধিক্ষেত্ৰও! পৰিয়ালৰ লোকে মাটি দান দিয়াৰ পাছতো পৰি আছে হাবি বনৰ মাজত ! বছৰত এবাৰ চাফা হয় সিমানেই! নামত সমাধি নিৰ্মাণৰ সমিতি (?) এখনো আছে। মন্ত্ৰী, বিধায়ক, সাংস্কৃতিক মন্ত্ৰালয় সকলো আছে। নাই মাত্ৰ কাম কৰাৰ সদিচ্ছা ! এৰা !

🙏হে সুহৃদ সকল,
এই লেখাবোৰ আপোনালোকে ল'ৰা-ছোৱালী হতক পঢ়িবৰ বাবে দিয়ক। আমি জানি কি কৰিম ? তেওঁ লোকে কিবা প্ৰেৰণা পালে পাওক। অন্তত: আমাৰ বীৰ পুৰুষ মহা পুৰুষ সকলকলৈ গৌৰৱ কৰিবলৈকে শিকক ! নে কি কয় ?

শ্রী শান্তনু বৰুৱা
সাধাৰণ সম্পাদক
অভাউসা সভা
তেজপুৰ

Comments

Popular posts from this blog